কৃষি উন্নয়নত কৃষকৰ ভুমিকা

0
426
বৰ্তমান যুগত কৃষি বিজ্ঞানৰ জৰিয়তে কৃষি উৎপাদন বৃদ্ধিৰ বাবে কৃষি বিজ্ঞানীসকলে নানা ধৰনৰ গৱেষণাৰ যোগেদি ন -ন তথ্য পোহৰলৈ অনাৰ প্ৰ্চেষ্টাত ব্ৰ্তী হৈ আছে
বৰ্তমান যুগত কৃষি বিজ্ঞানৰ জৰিয়তে কৃষি উৎপাদন বৃদ্ধিৰ বাবে কৃষি বিজ্ঞানীসকলে নানা ধৰনৰ গৱেষণাৰ যোগেদি ন -ন তথ্য পোহৰলৈ অনাৰ প্ৰ্চেষ্টাত ব্ৰ্তী হৈ আছে

বৰ্দ্ধিত জনসংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কৃষিজাত শস্য উৎপাদনৰ লক্ষ্য আগত ৰাখি খাদ্য শস্যৰ দিশত স্বাৱলম্বী হ’বলৈ অন্যান্য উপাদানৰ লগতে কৃষি উন্নয়নত কৃষকৰ ভূমিকাই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। এই ক্ষেত্ৰ্ত আধুনিক বিজ্ঞানসন্মত কৃষি কৌশলৰ প্ৰ্তি কৃষকৰ আগ্ৰহ আৰু কৃষি কৌশলসমূহ উপযুক্তভাৱে পথাৰত প্ৰয়োগ কৰিব পৰাকৈ জ্ঞান আহৰণ প্ৰ্ধানতঃ কৃষি উন্নয়নৰ বাবে মূল ভেটি স্বৰুপে গণ্য কৰিব পাৰি ।

বৰ্তমান যুগত কৃষি বিজ্ঞানৰ জৰিয়তে কৃষি উৎপাদন বৃদ্ধিৰ বাবে কৃষি বিজ্ঞানীসকলে নানা ধৰনৰ গৱেষণাৰ যোগেদি ন -ন তথ্য পোহৰলৈ অনাৰ প্ৰ্চেষ্টাত ব্ৰ্তী হৈ আছে । এই তথ্যসমূহ পথাৰত প্ৰয়োগ কৰাৰ ক্ষেত্ৰ্ত কৃষকসকলেই অগ্ৰ্নী ভুমিকা পালন কৰিব লাগিব ।গতিকে কৃষকসকলৰ প্ৰ্ধান কৰ্তব্য হ’ল কৃষিৰ বৈজ্ঞানিক কৌশলসমূহৰ বাবে যুগুতোৱা নতুন তথ্যৰ বিষয়ে জ্ঞান আহৰণ । এই ক্ষেত্ৰ্ত কৃষকসকলে অৱলম্বন কৰিবলগীয়া সহজ পন্থাটো হ’ল কৃষি বিশেষজ্ঞ, বিষয়া আৰু কৃষি কৰ্মীসকলে সময়ে সময়ে প্ৰ্দান কৰা প্ৰ্শিক্ষণত অংশ গ্ৰহণ।

প্ৰ্ণিধানযোগ্য যে শস্যৰ জীৱন কালত প্ৰ্তিটো স্তৰত প্ৰয়োগ কৰিবলগীয়া পদ্ধতিগত প্ৰ্ণালীসমূহৰ সঠিক আৰু সময়োচিত ৰুপায়ণৰ বাবে আৰু এই ক্ষেত্ৰ্ত উদ্ভৱ হ’ব পৰা অসুবিধাসমূহ দূৰীকৰণৰ বাবে কৃষি বিশেষজ্ঞসকলৰ লগত নিৰ্দ্দিষ্ট সময় সাপেক্ষে আৰু সঘনে যোগযোগ ৰক্ষা কৰাটো প্ৰ্তিগৰাকী কৃষকৰ এটি এৰাব নোৱাৰা প্ৰাথমিক কৰ্তব্য ।

আনহাতে কৃষিৰ ক্ষেত্ৰ্ত জ্ঞান আহৰণৰ অন্যান্য উৎসৰ ভিতৰত বাতৰি কাকত, আকাশবাণী অথবা দূৰদৰ্শনৰ কৃষি শিতানসমূহ বিশেষভাৱে উল্লেখযোগ্য । উক্ত সংবাদ মাধ্যম সমূহৰ  জৰিয়তে প্ৰ্চাৰিত হোৱা ভিন ভিন খেতি পথাৰত কৃষিজাত শস্যৰ উৎসাহজনক উৎপাদন ভিত্তিক তথ্য তথা এই ক্ষেত্ৰ্ত কৃষকৰ সফলতাৰ কাহিনী আদিৰ যোগেদি জ্ঞান আহৰণৰ দিশত কৃষকসকলে যথেষ্ট পৰিমাণে উৎসাহিত হোৱাৰ স্থল আছে ।তদুপৰি কৃষিৰ ক্ষেত্ৰ্ত অগ্ৰগতি লাভ কৰা বিশেষ অঞ্চললৈ কৰা ভ্ৰ্মণ তথা কৃষিৰ ওপৰত যুগুতোৱা তথ্যচিত্ৰ আদিৰ জৰিয়তেও কৃষকসকলে কিছুমান আৱশ্যকীয় জ্ঞান আহৰণৰ সুযোগ   গ্ৰহণ কৰিব পাৰে ।

নিজৰ খেতি কৰা মাটিডৰাত কৃষিৰ উন্নত সামগ্ৰী আৰু আহিলাসমূহ নিৰ্দ্দিষ্ট প্ৰ্ণালীৰে প্ৰয়োগ কৰি মাটিডৰাক উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ এখন আগতীয়া কৃষি আঁচনিৰ অতি প্ৰয়োজন ।  এই ক্ষেত্ৰ্ত কৃষি বিজ্ঞানীৰ লগত খৰচি মাৰি আলোচনা কৰি নিজৰ মাটিডৰাৰ বাবে খাপ খোৱাকৈ  এখন সুচল আঁচনি প্ৰ্স্তুত কৰিবলৈ কৃষকগৰাকী আগবাঢ়ি আহিব লাগিব । এনে ধৰণে প্ৰ্স্তুত কৰা আঁচনিখনত কৃষকগৰাকীৰ কৃষিসম্পৰ্কীয় অভিজ্ঞতা আৰু লগতে অভিজ্ঞতাপুষ্ট সহযোগী কৃষকৰ উপদেশ সন্নিৱিষ্ট হব পাৰে ।

উল্লখ কৰিব পাৰি যে এডোখৰ নিৰ্দ্দিষ্ট পৰিমাণৰ মাটিত সেই মাটিৰ উৎপাদিকা শক্তিৰ ওপৰত নিৰ্ভৰ কৰি তথা বিভিন্ন আৱশ্যকীয় উৎপাদনমুখী উপাদান সমূহ যেনে  অধিক উৎপাদনক্ষম অথবা উন্নত জাত নাইবা বৰ্ণশংকৰ জাত,জৈৱিক আৰু ৰাসায়নিক সাৰ, শস্য ৰক্ষা ব্যৱস্থা, জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগৰ জৰিয়তে একাধিক শস্যৰ খেতি কৰি উক্ত মাটিডৰাক উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি ।

এডোখৰ নিৰ্দিষ্ট পৰিমাণৰ মাটিত একাধিক খেতি কৰা ব্যৱস্থা অৰ্থাৎ বহুতৰপীয়া শস্য ক্ৰ্মৰ ক্ষেত্ৰ্ত ওপৰত উল্লখ কৰা সুপৰিকল্পিত আঁচনিখনৰ গুৰুত্ব অধিক । আনহাতে বহুতৰপীয়া শস্য ক্ৰ্মৰ বাবে অতি প্ৰয়োজনীয় দিশটো হ’ল – নিশ্চিত জলসিঞ্চন ব্যৱস্থা । যিহেতু প্ৰ্তিটো শস্য এটি নিৰ্দিষ্ট বতৰ সাপেক্ষেহে কৰিব পাৰি আৰু এই নিৰ্দিষ্ট বতৰৰ ভিতৰতো খেতিৰ ৰোপণ ব্যৱস্থাৰ স্তৰটো এটি নিৰ্দিষ্ট সময়ৰ ভিতৰতে আৱদ্ধ, তেনে ক্ষেত্ৰ্ত শস্যৰ আৰম্ভণি স্তৰটোৰ বাবে কম বেছি পৰিমাণে প্ৰয়োজনীয় পানীভাগৰ বাবে বহুতৰপীয়া শস্য ক্ৰ্মৰ অন্তৰ্গত প্ৰ্তিটো শস্যৰ ক্ষেত্ৰ্ত কৃষকে কদাপিও বৰষুণৰ ওপৰত সম্পূৰ্ণৰুপে নিৰ্ভৰ কৰি থাকিব নোৱাৰিব । সেয়েহে এই ক্ষেত্ৰ্ত উক্ত পৰিস্থিতিৰ বাবে নিশ্চিত জলসিঞ্চন ব্যৱস্থাৰ গুৰুত্ব অধিক । অন্যথাই বহুতৰপীয়া শস্য ক্ৰ্মৰ সম্পূৰ্ণ প্ৰ্ক্ৰিয়াটো আঁসোৱাহপূৰ্ণ হ’ব ।

সাধাৰণতে কৰি থকা ধান, সৰিয়হ আদিৰ খেতিতে মাথোন আৱদ্ধ নাথাকি কৃষকসকলে আমাৰ ৰাজ্যৰ বাবে নতুন অথচ অধিক উপাৰ্জনৰ সমল থকা বাদাম, ৰাজমাহ, চয়াবীন তথা অন্যান্য তৈলবীজ আৰু মাহজাতীয় শস্যসমূহকো কৃষি আঁচনিৰ অন্তৰ্ভূক্ত কৰি লব পাৰে । এই ক্ষেত্ৰ্ত কৃষকসকলে উক্ত নতুন শস্যৰ জীৱন কালৰ প্ৰ্তিটো স্তৰত প্ৰয়োগ কৰা বিভিন্ন কৃষি সামগ্ৰী তথা আহিলাৰ বিৱৰণ আৰু পৰিমাণ, ভিন ভিন কৌশলসমূহৰ প্ৰয়োগ বিধি আৰু ইয়াৰ সময় আৰু স্তৰ বিশেষে বিভিন্ন সময়ত শস্যসমূহক নিৰীক্ষণ কৰোতে দৃষ্টিগোচৰ হোৱা তথ্যসমূহ সামগ্ৰীকভাৱে নথিভূক্ত কৰি থোৱা উচিত । এই তথ্যসমূহে কৃষক তথা কৃষি বিজ্ঞানীসকলক বিভিন্ন দিশত বিশেষভাৱে উপকৃত কৰাৰ উপৰিও ভৱিষ্যতে শস্যসমূহৰ খেতি কৰোতে কৃষকৰ পথ প্ৰদৰ্শক ৰূপে সহায় কৰিব ।

কৃষি উন্নয়নৰ বাবে ব্যৱহাৰ কৰা ভিন ভিন কৃষি সামগ্ৰী আৰু আহিলাসমূহ আৰু লগতে জলসিঞ্চনৰ বাবে অগভীৰ নলীনাদ স্থাপন অথবা শক্তিচালিত পাম্পৰ দৰে ব্যয়বহুল সামগ্ৰী আহৰণৰ ক্ষেত্ৰ্ত নিশ্চিতভাৱে মূলধনৰ প্ৰ্শ্নটো নিবিড়ভাৱে জড়িত হৈ থাকে । এই ক্ষেত্ৰ্ত কৃষি ঋণৰ ক্ষেত্ৰ্সমূহৰ লগত প্ৰয়োজন সাপেক্ষে নিয়মীয়াকৈ সংযোগ ৰক্ষা কৰাটো কৃষকৰ বাবে অন্য এক গুৰুত্বপূৰ্ণ দায়িত্ব ।

কৃষিজাত শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে উৎপাদন প্ৰ্ক্ৰিয়াৰ অন্তৰ্ভুক্ত কৃষি কৌশল, কৃষি সামগ্ৰী আৰু উন্নত আহিলাৰ পদ্ধতিগত প্ৰয়োগৰ ফলাফল তথা এই ক্ষেত্ৰ্ত আহৰণ কৰা জ্ঞান আৰু অভিজ্ঞতা প্ৰ্তিজন কৃষকে তেওঁৰ সহযোগী কৃষকৰ লগত আলোচনাৰ জৰিয়তে আদান প্ৰ্দান কৰিলে কৃষি উন্নয়নৰ যোগাত্মক দিশটো আৰু অধিক শক্তিশালী হ’ব বুলি নিশ্চয় আশা কৰিব পাৰি ।

 

LEAVE A REPLY