শস্যৰ আহাৰ আৰু পুষ্টি

0
865
Agriculture Events, Agriculture News, Agritalks.in, Agriculture, Pulse Industry India, Agriculture India, Agriculture News, Organic Food News, Agri News, Farmers News, Indian Farmers, World Agriculture News, Pulse News, Horticulture News, Ministry of Agriculture, Agriculture Department,
শস্যৰ আহাৰ আৰু পুষ্টি

উদ্ভিদ  জগতৰ লগতে ইয়াৰ অন্তৰ্গত বিভিন্ন কৃষিজাত শস্যৰ জীৱন  ধাৰণ, বৃদ্ধি আৰু পুষ্টি  প্ৰ্ধানতঃ শস্যই আহৰণ কৰা খাদ্য বা আহাৰে নিয়ন্ত্ৰিত কৰে। বিভিন্ন  শস্যক যোগান ধৰা খাদ্যত থকা ভিন ভিন উপাদানসমূহক পোষক মৌল বুলি কোৱা হয় । উদাহৰণ  স্বৰুপে  ইউৰিয়া, একক চুপাৰ ফচফেট, মিউৰিয়েট অব পটাচ শস্যৰ তিনিটা মূল খাদ্য। ইয়াৰ মূল উপাদানসমূহ হ’ল ক্ৰ্মে-নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছিয়াম ।

প্ৰাকৃতিকভাৱে মাটিত মজুত থকা তথা কৃত্ৰিমভাৱে অথবা অন্যান্য উৎসৰ জৰিয়তে যোগান ধৰা বিভিন্ন খাদ্যৰ পৰা শস্যই পোষক মৌলৰুপে খাদ্য গ্ৰহণ কৰে ।শস্যৰ বৃদ্ধি আৰু উৎপাদিকা শক্তিৰ বাবে আৱশ্যকীয় পুষ্টি সাধনৰ বাবে শস্যই ইয়াৰ বাবে আৱশ্যকীয় আহাৰৰ প্ৰ্কাৰ, প্ৰয়োজনীয় পৰিমাণৰ ওপৰত  নিৰ্ভৰ কৰে ।

মানৱ তথা অন্যান্য জীৱ-জন্ত্তৰ দেহৰ পুষ্টি সাধনৰ বাবে পোনপটীয়াকৈ আমাৰ শৰীৰলৈ যিদৰে আমি খাদ্য যোগান ধৰো,শস্যৰ ক্ষেত্ৰ্ত কিন্ত্ত তেনে নহয় । শস্যই খাদ্য গ্ৰহণ কৰা প্ৰ্ক্ৰিয়াটোৰ এটা নিজস্ব বৈশিষ্ট আছে । শস্যই সাধাৰণতে মাটিক মূল খাদ্য ভাণ্ডাৰ ৰুপে লৈ পানীৰ জৰিয়তে খাদ্য গ্ৰহণ কৰে । মানৱ বা অন্যান্য জীৱ জন্ত্তৰ ক্ষেত্ৰ্ত খাদ্য গ্ৰহণৰ প্ৰ্ক্ৰিয়াটো যিদৰে প্ৰ্ত্যক্ষ প্ৰ্ক্ৰিয়া সেইদৰে শস্যৰ ক্ষেত্ৰ্ত এই প্ৰ্ক্ৰিয়াটোক পৰোক্ষ বুলি  কব পাৰি ।

Agriculture Events, Agriculture News, Agritalks.in, Agriculture, Pulse Industry India, Agriculture India, Agriculture News, Organic Food News, Agri News, Farmers News, Indian Farmers, World Agriculture News, Pulse News, Horticulture News, Ministry of Agriculture, Agriculture Department,

শস্যৰ বৃদ্ধি আৰু পুষ্টি সাধনৰ বাবে ১৬ বিধ পোষক মৌলৰ আৱশ্যক হয় । ইয়াৰ ভিতৰত নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাচিয়াম শস্যক অধিক পৰিমাণে আৱশ্যক হয় বাবে এই তিনিটা মৌলক প্ৰ্ধান বা প্ৰাথমিক পৰ্য্যায়ৰ পোষক মৌল বোলে । শস্যৰ বাবে কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰৰ প্ৰয়োজন তুলনামূলকভাৱে কম বাবে ইহঁতক দ্বিতীয় পৰ্য্যায়ৰ পোষক মৌল বোলে । আনহাতে জিংক, ক’পাৰ , লো , মেংগানীজ, ব’ৰণ, মলিবডেনাম আৰু ক্ল’ৰিণ শস্যক অতি কম পৰিমাণে আৱশ্যক হয় বাবে এইবোৰক অনুমাত্ৰিক পোষক (Micro Nutrient) মৌল বোলা হয় । শস্যৰ বাবে আৱশ্যকীয় অন্য তিনিবিধ পোষক মৌলৰ ভিতৰত শস্যই কাৰ্বন আৰু অক্সিজেন বায়ুৰ পৰা আৰু হাইড্ৰ’জেন পানীৰ পৰা আহৰণ কৰে ।

শস্যই মাটিৰ পৰা ইয়াৰ বাবে আৱশ্যকীয় খাদ্য আহৰণ কৰে । আনহাতে শস্যৰ খেতি কৰাৰ বাবে মাটি ডৰাক ব্যৱহাৰ কৰাৰ পিছত মাটি ডৰাত থকা খাদ্য ভাণ্ডাৰৰ পৰিমাণৰ তাৰতম্য ঘটে । এডৰা মাটিতে প্ৰ্তি বছৰে খেতি কৰি থাকিলে মাটিত থকা খাদ্যৰ পৰিমাণ হ্ৰাস পায় । খাদ্যৰ নাটনি হোৱাৰ হেতুকে শস্যৰ বৃদ্ধি আৰু পুষ্টি সাধনৰ বাবে এক প্ৰ্তিকুল অৱস্থাৰ সৃষ্টি হয় । এনে পৰিস্থিতিত শস্যৰ উৎপাদিকা শক্তি হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত শস্যৰ পৰা উৎপাদিত সামগ্ৰীৰ পৰিমণো কমি যায় আৰূ এই সামগ্ৰীসমূহৰ গুণগত মান নিম্নমানৰ হোৱা পৰিলক্ষিত হয়

এডৰা নিৰ্দ্দিষ্ট পৰিমাণৰ মাটিত মজুত থকা পোষক মৌলৰ পৰিমাণ তথা উক্ত মাটিত  খেতি কৰিবলগীয়া শস্যৰ বাবে আৱশ্যকীয় পোষক মৌলৰ পৰিমাণ মটি পৰীক্ষাৰ দ্বাৰা নিৰ্ণয় কৰা হয় । মাটি পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি অনুমোদিত হাৰত সুষম সাৰ ব্যৱহাৰ কৰিলে শস্যৰ বৃদ্ধি আৰু পুষ্টি সাধনৰ প্ৰ্ক্ৰিয়াটো সম্পূৰ্ণ হয় । যিহেতু মাটিৰ পৰা শস্যৰ বিভিন্ন অংশলৈ মৌলসমূহ পানীৰ জৰিয়তেহে যাব পাৰে সেয়েহে খাদ্য যোগানৰ ক্ষেত্ৰ্ত মাটিত পানী যোগানৰ নিশ্চিত ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব প্ৰ্দান কৰিব লাগে।

মাটিৰ পানী ধৰি ৰাখিব পৰা অৱস্থাটো মাটিৰ কিছুমান ভৌতিক ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে । মাটিত জৈৱ সাৰ, যেনে- পচন সাৰ , শুকান গোবৰ, ৰাইজ’বিয়াম কালচাৰৰ দৰে জীৱানু সাৰ আৰু ধইনচা আদিৰ দৰে সেউজীয়া সাৰ প্ৰয়োগৰ জৰিয়তে মাটিৰ ভৌতিক ধৰ্মৰ উন্নতি সাধন কৰিব পাৰি । ইয়াৰ দ্বাৰা মাটিৰ উৰ্ব্বৰতা শক্তি বৃদ্ধি তথা পানী ধৰি ৰাখিব পৰা ক্ষমতা বৃদ্ধি হয় আৰু ইয়াৰ ফলস্বৰুপে মাটিত প্ৰয়োগ কৰিবলগীয়া শস্যৰ বাবে আৱশ্যকীয় খাদ্য যোগান ধৰাৰ ক্ষেত্ৰ্ত মাটিৰ উন্নত ভৌতিক ধৰ্ম সমূহে মাটিত থকা অথবা মাটিৰ জৰিয়তে শস্যক যোগান ধৰা খাদ্যসমূহ শস্যৰ বাবে সহজলভ্য কৰি দিয়াত সহায় কৰে । আনহাতে মাটিৰ আম্লিক গুণৰ ফলত শস্যই মাটিৰ পৰা খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰ্ত এক প্ৰ্তিকূল অৱস্থাৰ উদ্ভৱ হয় । এই ক্ষেত্ৰ্ত মাটিৰ অম্লতা হ্ৰাস কৰিবলৈ এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত মাটিত অনুমোদিত হাৰত চূণ প্ৰয়োগ কৰা উচিত।

শস্যৰ বাঢ়ন আৰু পুষ্টিৰ বাবে যি পৰিমাণৰ খাদ্যৰ আৱশ্যক হয় সেয়খিনিৰ বাবে শস্যই মাটিত থকা খাদ্যৰ উপৰিও বাহিৰৰ পৰা যোগান ধৰা খাদ্যৰ ওপৰত নিৰ্ভৰশীল । এই খাদ্যসমূহ শস্যৰ পুষ্টিসাধনৰ বাবে উপযুক্তভাৱে যোগান ধৰাৰ ক্ষেত্ৰ্ত কেইটিমান নিৰ্দ্দিষ্ট দিশৰ ওপৰত নিৰ্ভৰ কৰে ।

পথাৰ শস্য যেনে- ধান, মৰাপাট, সৰিয়হ, আলু আদি আৰু উদ্যান শস্য যেনে-তামোল,নাৰিকল, অমিতা, কল আদিৰ ক্ষেত্ৰ্ত খাদ্যৰ অনুমোদিত হাৰৰ পৰিমাণ আৰু প্ৰয়োগ পদ্ধতিৰ পাৰ্থ্যক্য আছে ।

শস্যৰ বিভিন্ন স্তৰ তথা বয়সৰ প্ৰয়োজন অনুসৰি খাদ্যৰ পৰিমাণৰ তাৰতম্য ঘটে । গতিকে বিভিন্ন স্তৰ অথবা বয়সৰ ওপৰত নিৰ্ভৰ কৰি শস্যৰ বাবে আৱশ্যকীয় খাদ্যসমূহ নিৰ্দ্দিষ্ট প্ৰ্ণালীৰে শস্যক যোগান ধৰিলে খাদ্যৰ কাৰ্য্যদক্ষতা বৃদ্ধি পায়।

এডোখৰ নিৰ্দ্দিষ্ট পৰিমাণৰ মাটিত থকা পোষক মৌলৰ উপযুক্ত ব্যৱহাৰৰ বাবে সেই মাটি ডৰাত বিজ্ঞান ভিত্তিত অনুমোদিত নিৰ্দ্দিষ্ট গছৰ সংখ্যহে ৰোপণ কৰা উচিত । ইয়াৰ কম বেছি হ’লেই সেই শস্যডৰাৰ পৰা উৎপাদিত সামগ্ৰীৰ পৰিমাণ হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে । এই ক্ষেত্ৰ্ত গৱেষণা ভিত্তিক তথ্যৰ ওপৰত নিৰ্ভৰ কৰি অনুমোদিত হাৰত গছৰ দূৰত্ব নিৰ্দ্ধাৰিত জোখত ৰখা অতি আৱশ্যক ।

[১১ চেপ্তেম্ব ৰ,১৯৯৬ সংখ্যাৰ ‘দৈনিক অসম’ কাকতত প্ৰ্কাশিত ভূপেন দত্ত ৰ লেখনী- “শস্যৰ আহাৰ আৰু পুষ্টি” ৰ সম্পাদিত ৰুপ ]

 

LEAVE A REPLY