বিজ্ঞানসন্মত প্ৰ্ণালীৰে – ৰবি বতৰৰ শাক পাচলি খেতিৰ বাবে পুলিবাৰী প্ৰ্স্তুতকৰণ ।

2
1845
Barcolli Plant

অসমত ৰবি শস্যৰ বতৰত কৰা কেতবোৰ প্ৰ্ধান শস্য হ’ল- মূলা, পালেং-শাক, ফুল -কবি, বন্ধা -কবি, ওল- কবি, ধনিয়া, গাজৰ,বিলাহী,ফ্ৰেন্সবীন,পিয়াজ,নহৰু,বেঙেনা  ইত্যাদি । এনেবোৰ শস্যৰ ভিতৰত কেতবোৰ আগতীয়া জাতৰ খেতিৰ বীজ সিচাঁ কাৰ্য্য আগষ্ট মাহৰ পৰা আৰম্ভ কৰা হয় । সাধাৰণতে এইবোৰৰ কেতবোৰ শস্যৰ বীজ প্ৰ্থমতে পুলিবাৰীত প্ৰ্স্তুত কৰি তাৰ পিছতহে মুল পথাৰত ৰোপণৰ দিহা কৰা হয় ।পথাৰত এইবোৰ খেতিৰ পুলি বিজ্ঞানসন্মত বিধি প্ৰয়োগ কৰি প্ৰ্স্তুত কৰিবলৈ কেতবোৰ প্ৰ্ণালী অৱলম্ৱণ কৰা আৱশ্যক । ইয়াৰে কেতবোৰ আৱশ্যকীয় প্ৰ্ণালী তলত লিপিবদ্ধ কৰা হ’ল-

Nursery Rasing for crops

১) পোন প্ৰ্থমে ৰদ ঘাই ঠাইহে শাক পাচলি খেতিৰ পুলিবাৰী প্ৰ্স্তুতৰ বাবে চিনাক্ত কৰি লব লাগে ।  এনেদৰে চিনাক্ত কৰা মাটি খিনি বালি- অহীয়া পাতল মাটি আৰু পানী ওলাই যাব পৰা ব্যৱস্থা থকা আৰু জৈৱিক সাৰ সমৃদ্ধ মাটি হোৱা আৱশ্যক।

২) বীজতলিখন ভালদৰে মিহিকৈ প্ৰ্স্তুত কৰি মাটিৰ পৰা ১০ ৰ পৰা ১৫ চেণ্টি মিটাৰ (প্ৰায় ৪ ৰ পৰা ৬ ইঞ্চি )ওখ, প্ৰায় ১মিটাৰ ( প্ৰায়৩ ফুট) বহল আৰু সুবিধা অনুসৰি আৱশ্যকীয় দৈৰ্ঘ্যৰ কেতবোৰ ভেটি প্ৰ্স্তুত কৰি লব লাগে ।

৩)  এখন ১০ বৰ্গ মিটাৰ আয়তনৰ ভেটিত ২০ কিলোগ্ৰাম বালি আৰু ২০ কিলোগ্ৰাম উৎকৃষ্ট শুকান আৰু চালনীৰে চালি লোৱা পচন সাৰ মিশ্ৰ্ণ মাটিৰ লগত ভাল দৰে মিহলি কৰি লব লাগে ।

৪)প্ৰ্স্তুত ক ৰি লোৱা মাটিখিনিত সাধাৰণতে  কেতবোৰ বেমাৰৰ বীজানু সুপ্ত হৈ থাকিব পাৰে। সেয়েহে এই বেমাৰ সমূহৰ পৰা মুক্ত কৰিবৰ বাবে মাটিখিনি ১০ ৰ পৰা ১৫ চেণ্টি মিটাৰলৈকে (প্ৰায় ৪ ৰ প ৰা ৬ ইঞ্চি) তিতি যোৱাকৈ শতকৰা ০.১ভাগ কেপটান নাইবা ফাইটোলান মিশ্ৰ্ণ নতুবা শতকৰা ৪ ভাগ মিশ্ৰ্ণৰ ফৰমেলিন দৰবেৰে শোধন কৰি লৱ লাগে  ।

৫)শোধন কৰা মাটি খিনি শোধন কৰাৰ ঠিক পিছতেই পলিথিনৰ সহায়ত ঢাকোন দিব লাগে । এনেদৰে মাটিখিনি দুদিন ঢাকোন দি থব লাগে ।

৬) দুদিনৰ পিছত মাটিখিনিৰ ওপৰৰ পৰা ঢকোন আঁতৰাই মাটিখিনি খুচৰি দিব লাগে আৰু এইদৰে ৩ ৰ পৰা ৪ দিন থকিব দিব লাগে ।

৭) কেতবোৰ বেমাৰৰ বীজানু শস্যৰ বীজৰ জৰিয়তে সম্প্ৰ্সাৰণ ঘটে । গতিকে শুকান বীজসমূহ প্ৰ্তি কিলোগ্ৰাম শস্যৰ বীজ ৰ বিপৰীতে ৩ (তিনি) গ্ৰাম পৰিমানৰ  কেপটাফ বা  থিৰাম দৰৱ প্ৰয়োগ কৰি বীজানুমুক্ত কৰি লব লাগে ।

৮)আনহাতে কেতবোৰ শস্যৰ অনিষ্ট কাৰী কীট-পতংগ মাটিৰ মাধ্যমত বংশ বৃদ্ধি আৰু ইয়াৰ সপ্প্ৰ্সাৰণ হয় । এনে ক্ষেত্ৰ্ত প্ৰ্তি ১০ বৰ্গ মিটাৰ মাটিত ২০ কিলোগ্ৰাম পৰিমানৰ শতকৰা ৫ ভাগ শক্তি মালাথিয়ন দৰৱ প্ৰয়োগ কৰিব লাগে ।

৯) ইয়াৰ পিছত প্ৰ্স্তুত কৰি লোৱা ভেটিসমূহত  ‘U’ আকৃতিৰ কেতবোৰ লোৰ তৈয়াৰ কৰি এই লোৰ বিলাকত ২.৫ চেণ্টি মিটাৰৰ (প্ৰায় ১ ইঞ্চি) আঁতৰে আঁতৰে আৰু প্ৰায় আধা ইন্চিৰ গভীৰতাত বীজবোৰ সিচিঁব লাগে ।বীজ সিচাঁৰ লগে লগে বীজবোৰ বালি আৰু  চালনীৰে চালি লোৱা শুকান গোৱৰৰ মিশ্ৰ্ণৰে ঢাকি দিব লাগে । বীজ সিচাঁ প্ৰ্স্তুতি শেষ হ’লে ইয়াৰ ওপৰ ভাগ সমান কৰি দিব লাগে  ।

১০) সাধাৰণ অৱস্থাত বীজতলিত পাতলিয়াকৈ পানী চতিয়াব লাগে ।

১১) ইয়াৰ পৰৱৰ্তী অৱস্থাত বীজতলিখনত বীজবোৰ সঠিক স্থানত ৰাখিবৰ বাবে বীজ সিচাঁ ভেটিবোৰৰ ওপৰত পাতলিয়াকৈ শুকান খেৰ,কল পাত নাইবা শুকান ঘাঁহ-বন আদিৰে এটা আৱৰণ দিব লাগে । অৱশ্যে বীজ বিলাকৰ প্ৰ্থম গজালি ওলাবলৈ আৰ ম্ভ কৰাৰ লগে লগে  এনেবোৰ আৱৰণ আঁত ৰাই  দিব লাগে ।

১২) সাধাৰণ অৱস্থাত ৩০ ৰ প ৰা ৩৫ দিন বয়সীয়া স্বাস্থ্যৱান পুলিবোৰ ১০ ৰ পৰা ১৫ চেণ্টি মিটাৰ (প্ৰায় ৪ ৰ প ৰা ৬ ইঞ্চি) পৰিমানৰ  উচ্চতা প্ৰাপ্ত হয় আৰু ঠিক এই সময়তে পুলিবোৰ মুল পথাৰত ৰোপণ কৰিবৰ বাবে উপযুক্ত হয় ।

১৩)  পুলি বাৰীৰ পৰা ৰোপণৰ বাবে তুলিবলগীয়া পুলিবোৰত তুলিবলগা দিনৰ পৰা প্ৰায় সাত দিনমান আগৰে পৰা পানী যোগান ধৰা প্ৰ্ক্ৰিয়াতো কম কৰি  আনিব লাগে ।

১৪) পুলিবোৰ সম্পূৰ্ণ ৰুপে জীপাল কৰি ৰাখিবলৈ পুলিবোৰ উঠোৱাৰ আগতে প্ৰায় ছয় ঘণ্টা সময় পুলিবাৰীৰ ভেটিসমূহ পানীৰে জীপাল কৰি ৰখা আৱশ্যক ।

১৫) পুলিবোৰৰ বাবে সূৰ্য্য ৰশ্মি অতি আৱশ্যক ।

১৬) পুলিবোৰ ৰোপণ কৰাৰ পিছত প্ৰাৰম্ভিক অৱস্থাত বিভিন্ন বেমাৰ আজাৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা থাকে । সেয়েহে ৰোপণ কৰাৰ আগতে পুলিবোৰ বিশেষজ্ঞ্ৰ নিৰ্দেশ অনুযায়ী ঔষধ মিশ্ৰ্ণ পানীত শোধন কৰি লোৱা আৱশ্যক ।

           প্ৰ্সংগ: Package of Practices for Horticultural Crops of Assam

2 COMMENTS

  1. – P-ous is important in the early season for shoot growth &root formation instead plant produces poor fruit & seed dev.
    – P-ous in soil org.matter or soil mineral is very stable,remain unavailable form,a very small amount is available in soil solution & taken up by plant.
    – Considering these facts P-ous parhaps may be added only after following advice from Agril. experts.

LEAVE A REPLY