কৃষি ক্ষেত্ৰ্ত – কীট পতংগৰ আক্ৰ্মণ আৰু ইয়াৰ প্ৰ্তিকাৰ

0
1049

বিভিন্ন শস্যত ভিন্ ভিন্ কীট -পতংগই আক্ৰ্মণ কৰা হেতুকে শস্যৰ অনিষ্ট সাধন হয় আৰু ইয়াৰ ফলস্বৰুপে শস্যৰ উৎপাদন কম বেছি পৰিমাণে হ্ৰাস হয় ।

খেতি পথাৰৰ পৰা প্ৰ্কৃতি প্ৰ্দত্ত কীট পতংগ আদি সম্পূৰ্ণৰুপে নিৰ্মূল কৰিব নোৱাৰি – ইয়াক নিয়ন্ত্ৰ্ণহে কৰিব  পাৰি । বিভিন্ন পৰিস্থিতিৰ বাবে নাইবা বতৰ সাপেক্ষে এইবোৰৰ আক্ৰ্মণৰ তীব্ৰ্তা কম বেছি হয় । অৱশ্যে উপযুক্ত সময়ত এই আক্ৰ্মণৰ বিৰুদ্ধে নিয়ন্ত্ৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিলে শস্যডৰাক অপকাৰী কীট -পতংগৰ আক্ৰ্মণৰ পৰা ৰক্ষা কৰি শস্যডৰাৰ পৰা আশানুৰুপ উৎপাদন লাভ কৰিব পাৰি ।

সাধাৰণতে আমাৰ খেতিয়কসকলে নিজ নিজ খেতিপথাৰ সমূহ সঘনে নিৰীক্ষণ নকৰে । সেয়েহে খেতিয়কজনৰ অজ্ঞাতে কীট-পতংগৰ আক্ৰ্মণে খেতিডৰাত বিস্তৃতি লাভ কৰে আৰু অতি কম সময়ৰ ভিতৰতে ওচৰ পাজৰে থকা অন্যান্য পথাৰলৈ এই আক্ৰ্মণৰ সম্প্ৰ্সাৰণ ঘটে ।

Pest in cropsএটা বিশেষ শস্যৰ পথাৰত ভিন্ ভিন্ প্ৰ্জাতিৰ অনেক কীট- পতংগ দেখিবলৈ পোৱা যায় যদিও ইয়াৰ আটাইবোৰেই অনিষ্টকাৰী নহয় । ।আনহাতে, এটা বিশেষ শস্যত কিছুমান বিশেষ জাতৰ কীট পতংগইহে আক্ৰ্মণ কৰি শস্যৰ অনিষ্ট সাধন কৰে  । উদাহৰণস্বৰুপে কব পাৰি যে এখন ধাননি পথাৰত নানা প্ৰ্কাৰৰ কীট-পতংগৰ সমাবেশ হয় যদিও মজাকটা, চৰহা, টুপলিকটা আদি কেতবোৰ বিশেষ প্ৰ্জাতিৰ কীট-পতংগইহে ধান খেতিডৰাৰ অনিষ্ট সাধন কৰে । ইয়াৰ বিপৰীতে ধাননি পথাৰত অন্য কেতবোৰ কীট-পতংগ দেখা যায় যদিও এইবোৰৰ এক বুজন অংশই উপকাৰী পোক । উপকাৰী পোক পৰুৱাবোৰে অপকাৰী পোকৰ বিভিন্ন প্ৰ্কাৰে অনিষ্ট সাধন কৰে আৰু পথাৰডৰাত অপকাৰী আৰু উপকাৰী পোকৰ মাজত এটা প্ৰাকৃতিক ভাৰসাম্য অৱস্থাৰ সৃষ্টি কৰে । তদুপৰি পথাৰত থকা সাপ,ভেকুলী আদিয়েও আক্ৰ্মণকাৰী কীট-পতংগক ভক্ষণ কৰি এইবোৰৰ আক্ৰ্মণৰ পৰা শস্যডৰাক ৰক্ষণাবেক্ষণ দিয়ে ।

পৰীক্ষাৰ দ্বাৰা দেখা যায় যে সাধাৰণ অৱস্থাৰ এডৰা খেতিপথাৰত অপকাৰী আৰু উপকাৰী কীট-পতংগসমূহ এটা স্বাভাৱিক অনুপাতত থাকে । ইয়াৰ বিপৰীতে পৰিস্থিতি আৰু বতৰ সাপেক্ষে অপকাৰী কীট-পতংগৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হয় । সেয়েহে শস্য পথাৰত অপকাৰী পোকৰ উপস্থিতি আৰু ইয়াৰ সংখ্যা বৃদ্ধি হোৱা অৱস্থাৰ ওপৰত খুব সাৱধানে চোকা নজৰ ৰখা আৱশ্যক । এই ক্ষেত্ৰ্ত খেতিয়কসকলৰ উপকাৰী আৰু অপকাৰী পোকৰ চিনাক্তকৰণ বিষয়ত সম্যক জ্ঞান থকা উচিত।  কৃষি প্ৰ্শিক্ষণত অংশগ্ৰহণ কৰি,বাতৰি কাকত, অনাতাৰ আৰু দূৰদৰ্শনৰ কৃষি শিতানৰ জৰিয়তে, অথবা কৃষি সম্পৰ্কীয় বিভিন্ন পুথি অধ্যয়ন কৰি নাইবা কৃষি বিষয়ত বিশেষ জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তিৰ লগত আলোচনা মৰ্মে খেতিয়কে এই দিশত জ্ঞান আহৰণ কৰিব পাৰে ।

কীট-পতংগৰ আক্ৰ্মণ দেখা মাত্ৰেই শস্যডৰাত ৰাসায়নিক কীটানুনাশক দ্ৰব্য প্ৰ্য়োগ কৰাৰ প্ৰৱণতা আমাৰ খেতিয়কসকলৰ মাজত প্ৰায়ে দেখা যায় । মনত ৰখা উচিত যে যিকোনো ৰাসায়নিক দ্ৰব্য পথাৰত প্ৰয়োগ কৰাৰ ক্ষেত্ৰ্ত যথেষ্ট সতৰ্কতা অৱলম্বণ কৰা উচিত, কাৰণ সকলোবোৰ ৰাসয়নিক কীটানুনাশক দ্ৰব্য কম বেছি পৰিমাণে বিষাক্ত । শস্য ক্ষেত্ৰ্ত প্ৰয়োগ কৰাৰ পিছত কীটানুনাশক দ্ৰব্যৰ কিছু অংশ অৱশিষ্ট ৰুপে (Residue ) শস্য আৰু মাটিত থাকি যায় ।  সেয়েহে কীট পতংগৰ আক্ৰ্মণৰ তীব্ৰ্তা আৰু শস্যৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰিহে প্ৰয়োগ কৰিবলগীয়া কীটানুনাশক  দ্ৰব্যৰ পৰিমাণ নিৰ্ধাৰণ কৰি লোৱা উচিত । এটা কথা মনত ৰখা উচিত যে অনুমোদিত পৰিমাণতকৈ অধিক পৰিমাণৰ কীটানুনাশক দ্ৰব্য প্ৰয়োগৰ ফলত শস্যৰ ওপৰিও মাটি,পানী তথা বায়ুত ইয়াৰ অৱশিষ্ট অধিক পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে ।

ধান খেতিৰ ক্ষেত্ৰ্ত কঠীয়াতলি আৰু অন্যান্য শস্যৰ ক্ষেত্ৰ্ত বীজ সিঁচাৰ প্ৰ্থম অৱস্থাৰ পৰাই শস্যডৰাৰ বাবে কীট-পতংগৰ আক্ৰ্মণৰ বিৰুদ্ধে সঠিকভাৱে প্ৰ্তিৰোধ ব্যৱস্থা গ্ৰহণ কৰা উচিত । অন্যথা খেতিয়কৰ অজানিতে কীট-পতংগৰ সংখ্যা লাহে লাহে অথবা কোনো কোনো ক্ষেত্ৰ্ত অতি কম সময়ৰ ভিতৰতে লক্ষণীয়ভাৱে বৃদ্ধি হৈ এই আক্ৰ্মণে ব্যাপক ৰুপ ধাৰণ কৰে । প্ৰায় ক্ষেত্ৰ্তে দেখা যায় যে এইদৰে ব্যাপক আক্ৰ্মণ হ’লেহে শস্যডৰাত আক্ৰ্মণৰ ভয়াৱহতাৰ প্ৰ্তি খেতিয়কসকল সজাগ হয় । সেয়েহে এই পৰিস্থিতি উদ্ভৱ হোৱাৰ আগতে শস্যডৰাত প্ৰথম অৱস্থাৰ পৰাই কীট-পতংগৰ  আক্ৰ্মণৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰিব লাগে । বৰ্তমান সময়ৰ প্ৰয়োজনৰ ভিত্তিত কৃষি বিজ্ঞানীসকলে উদ্ভৱন কৰা সমন্বিত শস্য ৰক্ষা ব্যৱস্থাৰ পদ্ধতিসমূহ   কৃষি বিশেষজ্ঞৰ পৰামৰ্শ মৰ্মে  সঠিকভাৱে আৰু উপযুক্ত সময়ত প্ৰয়োগ কৰিহে শস্যক আক্ৰ্মণ কৰা কীট-পতংগ নিয়ন্ত্ৰ্ণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত ।

শস্য পথাৰত আক্ৰ্মণ কৰা কীট -পতংগৰ নিয়ন্ত্ৰণৰ বাবে অন্যান্য ব্যৱস্থাৰ লগতে যদি শস্যডৰাত কীটানুনাশক দ্ৰব্য ব্যৱহাৰ কৰিবলগীয়া হয় তেনেহ’লে প্ৰ্থমতে শস্যডৰাত কীট-পতংগৰ আক্ৰ্মণৰ তীব্ৰ্তা নিৰ্ণয় কৰি ল’ব লাগে । এই  তীব্ৰ্তা ঠিৰাং কৰিবৰ কাৰণে কীট-পতংগৰ সংখ্যা অথবা আক্ৰ্মণৰ ফলত শস্যৰ দেহত দেখা দিয়া লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি কৃষি বিজ্ঞানীসকলে কেতবোৰ মাপকাঠি নিৰ্ধাৰণ কৰি দিছে । সেয়েহে কীট-পতংগৰ আক্ৰ্মণে শস্যডৰাক বিশেষভাৱে অনিষ্ট কৰাৰ আশংকা থাকিলেহে আক্ৰান্ত শস্যডৰাত নিৰ্দিষ্ট কীটানুনাশক দ্ৰব্য প্ৰয়োগ কৰা উচিত । তদুপৰি কোনো এক শস্য পথাৰত আক্ৰ্মণ কৰা এটা বিশেষ জাতৰ পোকৰ বিৰুদ্ধে নিৰ্দিষ্ট কীটানুনাশক দ্ৰব্য অনুমোদিত নিৰিখ,নিৰ্দিষ্ট প্ৰয়োগ প্ৰ্ণালীৰে কৃষি বিশেষজ্ঞ নাইবা কৃষি কৰ্মীৰ লগত আলোচনা মৰ্মেহে পথাৰত ব্যৱহাৰ কৰিব লাগে ।

পৰিস্থিতি সাপেক্ষেহে বিশেষজ্ঞৰ দ্বাৰা নিৰ্দিষ্ট কৰি দিয়া পৰিমাণ আৰু পদ্ধতি অৱলম্বন কৰিহে কীট-পতংগৰ প্ৰ্তিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । কীটানুনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ ক্ষেত্ৰ্ত কীটানুনাশক দ্ৰব্যৰ সঠিক অনুপাত, মিশ্ৰ্ণ প্ৰ্ণালী আৰু এক নিৰ্দিষ্ট পৰিমাণৰ মাটিৰ বাবে প্ৰয়োগ কৰিবলগীয়া ঔষধ মিশ্ৰ্ণ পানীৰ পৰিমাণৰ ওপৰত কীটানুনাশক দ্ৰব্যটোৰ কাৰ্যকাৰিতা সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে । কীটানুনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ আগতে দ্ৰব্যটো কিমান দিনলৈ ব্যৱহাৰৰ উপযুক্ত সেই কথা দ্ৰব্যটোৰ পাত্ৰ্টোত প্ৰ্স্তুতকাৰী অনুষ্ঠানে লিখি থোৱা তথ্যৰ পৰা নিশ্চিত হৈ লোৱা আৱশ্যক । ইয়াৰ ব্যতিক্ৰ্ম হ’লেই কীট- পতংগ নিয়ন্ত্ৰ্ণ হোৱা দূৰৰ কথা , কীটানুনাশক দ্ৰব্যৰ বিৰুদ্ধে আক্ৰ্মণকাৰী কীট-পতংগৰ দেহত প্ৰ্তিৰোধ  শক্তি বৃদ্ধি হোৱাৰ  লগতে শস্য তথা পৰিৱেশৰ ওপৰত বিৰুপ প্ৰ্তিক্ৰিয়াৰহে সৃষ্টি হয় ।

উল্লেখযোগ্য যে কীট-পতংগৰ দ্বাৰা আক্ৰান্ত অন্চলত শস্যৰক্ষা ব্যৱস্থাৰ অন্যতম আৰু প্ৰাৰ ম্ভিক কাৰ্য্য হ’ল শস্যডৰাৰ নিয়মিতভৱে নিৰীক্ষণ আৰু বিশেষজ্ঞ্ৰ লগত আলোচনা মৰ্মে সমন্বিত শস্য ৰক্ষা ব্যৱস্থাৰ পদ্ধতিসমূহ সঠিকভাৱে আৰু উপযুক্ত সময়ত প্ৰয়োগ কৰি শস্যক আক্ৰ্মণ কৰা কীট -পতংগ নিয়ন্ত্ৰ্ণ কৰা আৱশ্যক ।

[২০ ছেপ্তেম্বৰ ১৯৯৯ “আমাৰ অসম” কাকতত প্ৰ্কাশিত ভুপেন দত্ত ৰ লেখনী-“কীট-পতংগ ৰ আক্ৰ্মণৰ পৰা খেতিডৰা বচাওক” ৰ সম্পাদিত ৰুপ]

LEAVE A REPLY