অসমৰ গ্ৰাম্য অৰ্থনীতিত – পথাৰ পৰিচালনা সমিতিৰ ভূমিকা

0
1094
অসমৰ গ্ৰাম্য অৰ্থনীতিত -পথাৰ পৰিচালনা সমিতিৰ ভূমিকা
অসমৰ গ্ৰাম্য অৰ্থনীতিত -পথাৰ পৰিচালনা সমিতিৰ ভূমিকা

বৰ্তমান  সময়ত অসমৰ গ্ৰাম্য অৰ্থনীতিৰ আন্তঃগাঁথনিটো সবল কৰি তুলিবলৈ একমাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি থাকিলেই নহব । সেয়েহে ৰাজ্যখনৰ সৰহ সংখ্যক জনসংখ্যাৰ বসতি গ্ৰাম্য  অন্চলৰ  প্ৰ্তিটো পৰিয়ালৰ আৰ্থিক দিশটো অধিক টনকিয়াল কৰাৰ উদ্দেশ্যেই  হল বহলভিত্তিত কৃষিৰ ওপৰত অধিক গুৰুত্ব আৰোপ । বহল ভিত্তিক কৃষি বুলি ক’লে সাধাৰণতে কৃষি কৰ্মৰ উপৰিও পশু-পালন, হাঁহ-কুকুৰা পালন, মৌ-পালন, মৎস্য-পালন, হস্ততাঁত আৰু বয়ন, সামাজিক বনানীকৰণ আৰু অন্চল বিশেষে গাহৰি পালনকে আদি কৰি বিভিন্ন ক্ষেত্ৰৰ উন্নয়নকে বুজা যায়। এইবোৰ কৰ্মক্ষেত্ৰ্ত এজন কৃষকে গাইগুটীয়াভাবে অগ্ৰ্সৰ হলে বিভিন্ন অসুবিধা আৰু সমস্যাৰ সন্মূখীন হয়। সেয়েহে সঠিক লক্ষ্যত উপনীত হবলৈ সমূহীয়া প্ৰ্চেষ্টাহে প্ৰ্কৃত পথ হিচাপে বিবেচিত হৈছে ।

আমাৰ ৰাজ্যখনৰ  অৰ্থনীতিৰ মূল ভেটি হ’ল-কৃষি । কৃষিৰ লগতে ওপৰত উল্লেখ কৰা ক্ষেত্ৰ্সমূহৰ উন্নয়নৰ গতি ক্ষীপ্ৰ্ত ৰ কৰাৰ বাবে পথাৰ পৰিচালনা সমিতিসমূহে গুৰুত্ব সহকাৰে দায়িত্বভাৰ মুৰ পাতি লব লাগিব। ইয়াৰ বাবে সমিতিসমূহে কিছুমান নিৰ্দ্দিষ্ট নীতি নিয়ম আৰু কৰ্ম পদ্ধতি অৱলম্বন কৰিব লাগিব।

যিকোনো অনুষ্ঠানৰ মূল পৰিচালিকা শক্তি হ’ল ইয়াৰ মূলধন । সেয়েহে সমিতিসমূহে ইয়াৰ সদস্যসকলৰ পৰা মূলধনৰ বাবদ অৰ্থ নাইবা উৎপাদিত সামগ্ৰী সংগ্ৰহৰ জৰিয়তে একোটা পূঁজি গঠন কৰি লোৱা উচিত । উক্ত পূঁজিৰ পৰা সমিতিখনৰ  স্বাৰ্থত প্ৰয়োজনীয় খৰছৰ উপৰিও সমূহীয়া স্বাৰ্থৰ খাতিৰত উৎপাদনমুখী কাৰ্যৰ বাবে সমিতিখনে কিছু ধন ব্যয় কৰিব পাৰে । আনহাতে উৎপাদনমূখী অথবা আনুসাংগিক কামৰ বাবে প্ৰয়োজন অনুসৰি আগ্ৰহী সদস্যসকললৈ ঋণ দান কৰি গাইগুটীয়াকৈ সদস্যসকলক সহায় কৰাৰ লগতে সামগ্ৰীকভাবে পথাৰ পৰিচলনা সমিতিখনে নিজস্বভাবে আৰ্থিকভাবে লাভবান হ’ব পাৰে । এইখিনিতে উল্লেখ কৰা ভাল যে সামাজিক অনুষ্ঠানৰ ক্ষেত্ৰ্ত সাধাৰণতে বিত্তীয় বিষয়ক খেলিমেলি সৃষ্টি হোৱা দেখা যায় ।গতিকে পূঁজি গঠন আৰু ইয়াৰ পৰিচালনাৰ দিশত স্পষ্ট নীতি নিৰ্দ্দেশনাৰ মাজেৰে সতৰ্কতা অৱলম্বন কৰা অতি প্ৰয়োজন ।

পথাৰ পৰিচালনা সমিতিৰ প্ৰ্তিজন সদস্যই একমাত্ৰ কৃষি কৰ্ম নাইবা কৃষিৰ লগতে বহল ভিত্তিক কৃষিৰ পৰিধিৰ ভিতৰত একাধিক উন্নয়ন ক্ষেত্ৰৰ লগত জড়িত হৈ থাকে । গতিকে প্ৰ্তিজন সদস্য জড়িত হৈ থকা ক্ষেত্ৰ অথবা ক্ষেত্ৰ্সমূহ সমিতিখনে চিনাক্ত কৰি লব লগে আৰু এই চিনাক্তকৰণ প্ৰক্ৰিয়াটোক সমিতিখনে ইয়াৰ প্ৰাৰম্ভিক কাৰ্য ৰুপে গণ্য কৰিব লাগে । তাৰোপ ৰি উন্নয়নৰ ক্ষেত্ৰ্সমূহত ব্যৱহাৰ কৰিবলৈ সদস্যসকলৰ হাতত নিজাববীয়াকৈ থকা উৎস তথা বিভিন্ন আহিলা, যন্ত্ৰ্পাতি আৰু সামগ্ৰীৰ সবিশেষ তথ্য সমিতিখনে সংগ্ৰহ কৰি লোৱা উচিত । এই চিনাক্তকৰণ প্ৰ্ক্ৰিয়াৰ অংশস্বৰুপে নিজ নিজ কৰ্মক্ষেত্ৰ্সমূহত কাৰ্য দক্ষতা বৃদ্ধিৰ কাৰণে সদস্যসকলৰ বাবে প্ৰয়োজন হোৱা পদক্ষেপসমূহো নথিভূক্ত হোৱা উচিত । ইয়াৰ লগতে বিভিন্ন ক্ষেত্ৰ্সমূহৰ উন্নয়ন অধিক গতিশীল কৰিবলৈ প্ৰয়োজন অনুভব কৰা আধুনিক তথা বিজ্ঞানসন্মত কাৰিকৰী কৌশল আদিৰ তথ্যসমুহো পথাৰ পৰিচালনা সমিতিখনৰ বাবে সমানে গুৰুত্বপূৰ্ণ । সমিতিখনৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসমূহৰ ক্ষেত্ৰ্ত ভৱিষ্যত কৰ্মপন্থা নিৰ্দ্ধাৰণ কৰাৰ বাবে এইদৰে সংগ্ৰহ কৰা তথ্য-শৃংখলাই পথ নিৰ্দেশকৰ কাম কৰে । প্ৰ্নিধানযোগ্য যে উল্লেখিত সমগ্ৰ চিনাক্তকৰণ প্ৰ্ক্ৰিয়াটোত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া, বিশেষজ্ঞ আৰু কৃষি কৰ্মীসকলৰ পৰামৰ্শ অনুসৰি অগ্ৰ্সৰ হলে অধিক সুফল লাভ কৰিব পাৰি ।

বিভিন্ন উন্নয়নমূলক বিভাগৰ অধীনত কেতবোৰ উন্নয়নমূলক আঁচনি থাকে । সংশ্লিষ্ট বিভাগসমূহৰ লগত যোগাযোগ কৰি পথাৰ পৰিচালনা সমিতিখনে উপযুক্ত ক্ষেত্ৰ বাছনি কৰি এই আঁচনিসমূহ সদস্যসকলৰ জৰিয়তে সঠিকভাবে ৰুপায়িত ক ৰাৰ চেষ্টা কৰা উচিত । মনত ৰখা উচিত যে বিভাগীয় আচঁনিসমূহৰ জৰিয়তে এখন অথবা একাধিক সমিতিৰ সকলো সদস্যকে সামৰি লোৱা সম্ভব নহয় । সেয়েহে প্ৰ্থম পদক্ষেপ হিচাপে আঁচনি সমূহৰ অধীনত কম সংখ্যক সদস্যক সামৰি এক সীমিত পৰিসৰৰ ভিতৰহে উক্ত আঁচনিসমূহ ৰুপায়িত কৰা উচিত । সঠিকভাবে ৰুপায়িত কৰা আঁচনিসমূহৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি ক্ষেত্ৰ বিশেষে সম্প্ৰ্সাৰণৰ দিহা কৰিব লাগে । আঁচনিসমূহৰ ক্ষেত্ৰ্ত সফলতা লাভ কৰিবলৈ হ’লে আঁচনি ৰুপায়ণৰ  আৰম্ভনিৰে পৰা শেষলৈকে প্ৰ্তিটো স্তৰতে বিভাগীয় বিষয়া , বিশেষজ্ঞ আৰু পৰিস্থিতি সাপেক্ষে বিজ্ঞানীসকলক জড়িত  কৰি  সেইসকলৰ দিহা আৰু পৰামৰ্শ অনুসৰিহে অগ্ৰ্সৰ হোৱা উচিত ।

আমাৰ গ্ৰাম্য এলেকাৰ অধিক সংখ্যক জনসংখ্যাৰে জীৱিকাৰ প্ৰ্ধান উপায় হ’ল কৃষি । গতিকে কৃষিক  সৰ্বপ্ৰ্থম অগ্ৰাধিকাৰ দিয়াটো অতি প্ৰয়োজন । এই উদ্দেশ্যে সমিতিখনৰ পৰিসৰৰ  ভিতৰত থকা খেতিপথাৰ সমূহৰ বাবে বছৰ ভিত্তিক এখন আঁচনি প্ৰ্স্ত্তত কৰি লব লাগে । এই আঁচনিখনত সকলো দিশ সামৰি লৈ অধিক ফলপ্ৰ্সূ হোৱাকৈ প্ৰ্স্ত্তত কৰিবৰ বাবে কাৰিকৰী জ্ঞান তথা অভিজ্ঞতা সম্পন্ন ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ।ঠিক সেইদৰে আঁচনিখন ৰুপায়ণৰ ক্ষেত্ৰ্ত কোনো স্তৰতে যাতে বিজুতি নঘটে তাৰ বাবে খেতিয়ক সকলৰ অভিজ্ঞতা আৰু কাৰ্য্যদক্ষতাৰ লগতে বিশেষজ্ঞ আৰু কৰ্মীসকলৰ সমন্বয়  তথা সহযোগিতাৰ প্ৰয়োজন ।

এটা বিশেষ খেতি এখন পথাৰত একেলগে সমূহীয়াভাবে কৰা উচিত। এইদৰে একেডৰা মাটিত একে সময়তে সিচাঁ অথবা ৰোপণ কৰা খেতিৰ ক্ষেত্ৰ্ত খেতিডৰাত প্ৰয়োগ কৰিবলগীয়া পদ্ধতি আৰু লগতে পৰিচৰ্যা, প্ৰ্তিপালন ব্যৱস্থা , নিৰীক্ষণ আদি কাৰ্য্য দক্ষতাৰে আৰু কম সময়ৰ ভিতৰত সম্পাদন কৰিব পাৰি । আনহাতে এনে পদ্ধতিৰে কৰা খেতিডৰা উদঙীয়া গৰু-ছাগলী আদিৰ পৰা ৰক্ষা কৰিব পাৰি । সমূহীয়াভাবে একেলগে খেতি কৰা খেতিপথাৰত অগভীৰ নলীনাদ স্থাপন কৰি বছৰ টোৰ ভিতৰত তিনিটা শস্যৰ খেতি কৰাৰ প্ৰ্চেষ্টাও হাতত লব পাৰি ।

প্ৰ্তিখন পথাৰ পৰিচালনা সমিতিৰ সমূহ সদস্যলৈ বিভাগীয় আঁচনিভুক্ত অধিক উৎপাদনক্ষম শস্যৰ বীজ যোগান ধৰাত কেতবোৰ অসুবিধাই দেখা দিয়ে । আনহাতে দুখীয়া খেতিয়কসকলে অধিক মূল্যৰ বীজ ক্ৰয় কৰাটোও সম্ভব নহয় । সেয়েহে বিভাগীয় আঁচনিৰ পৰাই হওঁক অথবা  ক্ৰয় কৰিয়েই হওঁক সমিতিখনে অধিক উৎপাদনক্ষম জাতৰ বীজ কম পৰিমাণে সংগ্ৰহ কৰি প্ৰ্থম বছৰটোত কম পৰিসৰৰ মাটিত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বনৰ জৰিয়তে খেতি কৰা উচিত । এইদৰে কৰা খেতিৰ পৰা উৎপাদন হোৱা বীজ পিছৰটো বতৰৰ পৰা অন্যান্য সদস্যৰ পথাৰলৈ কম আয়াসতে সম্প্ৰ্সাৰণ কৰিব পাৰি । তাৰোপৰি সূৰ্যমূখী ফুল,বাদাম, ৰাজমাহ,,জালুক আদিৰ দৰে নতুন খেতিৰ প্ৰতি সমিতিৰ সদস্যসকলৰ মনোযোগ আকৰ্ষণ কৰি এনেবোৰ খেতিৰ জৰিয়তে সদস্যসকলৰ আৰ্থিক দিশ উন্নত কৰাত সমিতিখনে সহায় কৰিব পাৰে ।

কৃষিৰ দৰে অন্যান্য উন্নয়নমূলক কৰ্মক্ষেত্ৰ্সমূহ যেনে পশু-পালন, হাঁহ-কুকুৰা পালন, মৎস্য-পালন,মৌ-পালন, হস্ততাঁত আৰু বয়ন,সামাজিক বনানীকৰণ আদিৰ ক্ষেত্ৰ্টো সংশ্লিষ্ট বিভাগসমূহৰ লগত যোগাযোগ ৰক্ষা কৰি সমিতিৰ পৰিসৰৰ ভিতৰত বিভিন্ন আঁচনিসমূহ সঠিকভাবে ৰুপায়ণ আৰু সম্প্ৰ্সাৰণৰ দিহা কৰাৰ বাবে সমিতিখনে আগভাগ লোৱা উচিত  ।

শিক্ষিত নিবনুৱা যুৱকসকলৰ স্বনিয়োজনৰ বাবেও সমিতিখনে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পাৰে । উল্লেখিত ক্ষেত্ৰ্সমূহৰ লগতে উদ্যান শস্যৰ পুলি-বাৰী প্ৰস্ত্ততকৰণ আৰু কৃষি সেৱা কেন্দ্ৰ আদি স্থাপনৰ যোগেদি সেইসকল নিবনুৱা যুৱকে এটা বা একাধিক বিষয়ত নিয়োজিত হৈ আত্ম প্ৰতিষ্ঠা লাভ কৰিব পাৰে । ইয়াৰ লগে লগে সমিতিখনৰ অন্তৰ্গত বিভিন্ন ক্ষেত্ৰ্সমূহৰ পৰা উৎপাদিত সামগ্ৰীসমূহৰ বিপণন ব্যৱস্থাটোত নিজকে জড়িত কৰিও শিক্ষিত নিবনুৱা যুৱকসকলে নিজৰ জীৱিকাৰ পথ মুকলি কৰি লোৱাৰ যথেষ্ট স্থল আছে । ইয়াৰ উপৰিও ফলমূল সংৰক্ষণৰ প্ৰ্শিক্ষণ লৈ ফলমূল সংৰক্ষণ কেন্দ্ৰ স্থাপনৰ জ ৰিয়তে সমিতিখনে যুৱক,মহিলা আৰু যুৱতী সকলকো স্বনিয়োজনৰ সুবিধা আগবঢ়াব পাৰে ।

সুস্থ সবল নেতৃত্বৰ দ্বাৰা পৰিচালিত পথাৰ পৰিচালনা সমিতিসমূহে নিৰ্দ্দিষ্ট লক্ষ্য আগত ৰাখি সঠিক পথেৰে আগবাঢ়ি গলে গ্ৰাম্য এলেকাৰ অৰ্থনৈতিক অৱস্থা অধিক টনকিয়াল হব বুলি নিশ্চয়কৈ আশা কৰিব পাৰি ।

LEAVE A REPLY