অধিক উৎপাদনক্ষম জাতৰ – প্ৰদৰ্শনমূলক খেতি

0
1448
Eggplant Farming High Yield Crops
High Yield Crops - Brinjal/Eggplant

জনসংখ্যা বৃদ্ধিৰ অনুপাতে খাদ্যৰ চাহিদা পূৰণ কৰিবলগা অৱস্থাত বিভিন্ন শস্যৰ ক্ষেত্ৰত অধিক উৎপাদন বৃদ্ধিৰ আৱশ্যকতা আহি পৰিছে । কৃষি উৎপাদনৰ বিভিন্ন দিশত সেয়েহে ক্ষেত্ৰ বিশেষে কৃষি বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে ন-ন তথ্য উদ্ভাৱন কৰাত ব্ৰতী হৈ পৰিছে ।

বৰ্তমান আমাৰ দেশত নতুন প্ৰযুক্তি বিদ্যাৰ জৰিয়তে বিভিন্ন শস্যৰ ক্ষেত্ৰত অধিক উৎপাদনক্ষম অথবা বৰ্ণসংকৰ জাত আৰু উন্নত জাতৰ উদ্ভাৱন এটা উল্লেখযোগ্য পদক্ষেপৰুপে চিহ্নিত হৈছে । উল্লেখ কৰিব পাৰি যে এটা শস্যৰ বিভিন্ন জাতৰ উন্নত গুণ সমুহ সন্নিৱিষ্ট কৰি এটা বা একাধিক জাত উদ্ভাৱন কৰা হয় । এনে ধৰনৰ নতুন জাতে ইয়াৰ মাতৃ জাততকৈ অধিক উৎপাদন ক্ষমতা বহন কৰে ।

অধিক উৎপাদনক্ষম বীজ সমূহৰ বাবে জলবায়ু, বতৰ, মাটি, পানী, খাদ্যৰ পৰিমাণ আদি বিভিন্ন দিশ সমূহে ইয়াৰ অধিক উৎপাদন ক্ষমতাৰ মানদণ্ড নিৰুপণ কৰে । ধান আদি কিছুমান শস্যৰ ক্ষেত্ৰত আকৌ একেটা অধিক উৎপাদনক্ষম জাত বছৰটোৰ ভিতৰত একাধিক বতৰত ৰোপন কৰিব পাৰি । উদাহৰণ স্বৰুপে আইজুং জাতৰ ধানৰ খেতি বছৰটোৰ শালি আৰু বৰোধান হিচাপে দুয়োটা বতৰতে কৰিব পাৰি ।

এডোখৰ নিৰ্দিষ্ট পৰিমানৰ মাটিৰ পৰা অন্য জাতৰ তুলনাত অধিক উৎপাদন আহৰণ কৰাৰ ক্ষেত্ৰত খেতিয়কৰ মাজত নতুন অধিক উৎপাদনক্ষম জাত টোৰ প্ৰতি বিশ্বাসযোগ্যতা জগাই তোলা আৰু ইয়াৰ পিছৰ পয্যায়ত উক্ত জাতৰ শস্য অন্যান্য খেতিয়কৰ খেতি পথাৰলৈ সম্প্ৰসাৰিত কৰিবলৈ লওঁতে লব লগা পদক্ষেপ সমূহ গুৰুত্ব সহকাৰে লোৱা উচিত । উক্ত দুয়োটা দিশ সামৰি অধিক উৎপাদনক্ষম জাতৰ শস্যৰ বহুল প্ৰচলনৰ প্ৰথম পদক্ষেপ হ’ল খেতিয়কৰ পথাৰত উক্ত জাতৰ জৰিয়তে প্ৰদৰ্শনমুলক খেতিৰ ব্যৱস্থা কৰা । এই প্ৰক্ৰিয়া নতুন উৎপাদনক্ষম জাত সম্প্ৰসাৰণৰ দিশত অধিক ফলপ্ৰসূ হিচাপে গণ্য কৰিব পাৰি ।

এই ক্ষেত্ৰত এটা কথা সুস্পষ্ট যে প্ৰদৰ্শনমূলক খেতিৰ প্ৰক্ৰিয়াটো সুচিন্তিত ভাৱে ৰুপায়িত কৰিব পাৰিলেহে ইয়াৰ যোগাত্মক দিশটোৰ ক্ষেত্ৰত সুফল লাভ কৰিব পৰা যায় । আনহাতে ইয়াৰ ব্যতিক্ৰম হলেই প্ৰক্ৰিয়াটোৰ ফলাফল ঋণাত্মক হৈ পৰে । ইয়াৰ ফলত প্ৰদৰ্শনমূলক খেতিৰ প্ৰক্ৰিয়াতো আসোৱাহযুক্ হোৱা হেতুকে জাত টোৰ মাজত অন্তৰ্নিহিত হৈ থকা অধিক উৎপাদিকা শক্তিৰ সঠিক মূল্যায়ন নহয় । ফলস্বৰুপে খেতিয়কৰ মাজত জনপ্ৰিয়তাৰ সলনি ইয়াৰ প্ৰতি এক বিৰুপ প্ৰতিক্ৰিয়াৰহে সৃষ্টি হয় ।

প্ৰদৰ্শনমূলক খেতি কৰিবলৈ লওঁতে গৱেষণাৰ পৰা প্ৰাপ্ত তথ্য ভিত্তিত অনুমোদিত  জলবায়ু, বতৰ, মাটিতহে এটা নতুনকৈ উদ্ভাৱণ কৰা অধিক উৎপাদনক্ষম জাতৰ প্ৰদৰ্শনমুলক খেতি কৰা উচিত । এই ক্ষেত্ৰত অতি কম পৰিমানৰ মাটিতহে এই জাত টোৰ খেতি প্ৰদৰ্শনমূলক ভাৱে লোৱা উচিত । ইয়াৰ লগতে প্ৰদৰ্শনমূলক খেতিত অৰ্ন্তভূক্ত কৰা জাতটোৰ পৰা অধিক উৎপাদন আহৰণৰ পৰিমান নিৰ্ধাৰণ কৰাৰ বাবে প্ৰদৰ্শনমূলক খেতি ডৰাৰ সমপৰিমানৰ আন এডৰা মাটিত অন্য এবিধ জনপ্ৰিয় জাতৰ খেতি কৰিব লাগে, যাতে দুয়োটা জাতৰ ভিতৰত উৎপাদনৰ পাৰ্থক্য কৰিব পৰা যায় । প্ৰনিধানযোগ্য যে দুয়ো ডৰা খেতিৰ মাটিত কৰা নতুন আৰু পুৰণি জাতৰ শস্যৰ ক্ষেত্ৰত খেতিৰ প্ৰথম পৰ্য্যায়ৰ পৰা শেষলৈকে প্ৰতিটো স্তৰতে লব লগা কাৰিকৰী কৌশলসমূহ একে সময়ত আৰু একে পদ্ধতিতে প্ৰয়োগ কৰিলে দুয়োটা জাতৰ ভিতৰত উৎপাদন ক্ষমতা নিৰ্দ্ধাৰণত সুফল পোৱা যায় ।

প্ৰদৰ্শনমূলক খেতিৰ প্ৰক্ৰিয়াটোৰ অন্তত লক্ষ্যত সফলতাৰে উপনীত হবলৈ কেইটিমান কাৰ্য্যব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে । উন্নত জাতটোৰ ক্ষেত্ৰত কঠীয়া তলিত বীজ সিচাৰে পৰা ইয়াৰ সমগ্ৰ জীৱন কালত কৃষি সামগ্ৰী যেনে-বীজ, পচনসাৰ অন্যান্য সাৰ, পানী অনুমোদিত হাৰত, নিৰ্দিষ্ট প্ৰণালীৰে পথাৰত প্ৰয়োগ তথা বিভিন্ন বিজ্ঞান সন্মত কৌশল সমূহৰ উপযুক্ত প্ৰয়োগৰ ওপৰত প্ৰদৰ্শনমূলক খেতিটোৰ অৰ্ন্তভূক্ত জাতটোৰ সফলতা সম্পূৰ্ণ ভাৱে নিৰ্ভৰ কৰে । ইয়াৰ উপৰিও সময়ত আক্ৰমণ কৰা কীট-পতঙ্গ, বেমাৰৰ পৰিস্থিতি সততে নিৰীক্ষণ আৰু খেতিডৰাৰ পৰিচৰ্য্যা আৰু প্ৰতিপালনৰ ব্যৱস্থা গ্ৰহণৰ লগতে এই সকলোবোৰ কাৰ্য্যব্যৱস্থা গ্ৰহণ আৰু এই সকলোবোৰ কাৰ্য্যব্যৱস্থাৰ সময়োপযোগী তথা দক্ষতাপূৰ্ণ প্ৰয়োগ পদ্ধতিৰ ওপৰত সমগ্ৰ প্ৰক্ৰিয়াটোৰ সফলতা নিৰ্ভৰ কৰে । অধিক উৎপাদনক্ষম জাতটোৰ জৰিয়তে কৰা প্ৰদৰ্শনমূলক খেতিৰ সমগ্ৰ জীৱন কালত গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ বিষয়ে সম্পূৰ্ণ আৰু বিতং তথ্যসমূহ নথীভূক্ত কৰি ৰখাৰ ব্যৱস্থাও গুৰুত্ব সহকাৰে পালন কৰিব লাগে । এনে ক্ষেত্ৰত প্ৰদৰ্শনমূলক খেতিৰ জৰিয়তে এটি অধিক উৎপাদনক্ষম জাতে খেতিয়কৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সমৰ্থ হলে উক্ত তথ্য সমূহে এই জাতৰ সহায়ত পিছ বতৰত খেতি কৰিবলৈ খেতিয়ক সকলক বিশেষভাৱে উৎসাহ যোগাব ।

LEAVE A REPLY